
পৃথিৱীৰ সকলো জাতিৰ ইতিহাসত, সভ্যতাৰ বিকাশত নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। ভাৰতীয় নাৰীয়ে যুগে যুগে স্ব-মহিমাৰে সামাজিক ৰাজনৈতিক সকলো ক্ষেত্ৰতে আগ ভাগ লৈছিল l স্বাধীনতাৰ যুগতো অসমীয়া মহিলাৰ ভূমিকা অতুলনীয়।
ভাৰতীয় নাৰীয়ে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। অসমতো কনকলতা, মূলাগাভৰু, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি বহুতো খ্যাত- অখ্যাত নাৰীয়ে স্বাধীনতা আন্দোলনত জপিয়াই পৰি আন্দোলন সাফল্য মণ্ডিত কৰি তুলিছিল l
কলংপুৰৰ বৰঙাবাৰী গাঁৱৰ আন দহজনী পাটগাভৰু ছোৱালীৰ দৰে কনকলতাও আছিল আশাৰ সপোন সনা এজনী ষোড়শী। জাগি উঠিছিল কনকলতাৰ সুপ্ত স্বাধীনতা প্ৰয়াসী মন l ১৯৪২ চনৰ ১আগষ্ট গণবিপ্লৱৰ সময়। ভাৰতৰ স্বাধীনতা আন্দোলনে তেতিয়া পাইছিল চৰম পৰ্য্যায়। অসমৰ যি কেইগৰাকী বীৰ – বীৰাংগনাই এই আন্দোলনত অংশগ্ৰহণ কৰি প্ৰতাপী ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণাহুতি দিছিল সেইসকলৰ ভিতৰত ওঠৰ বছৰ বয়সীয়া কনকলতা বৰুৱাও আছিল অন্যতম। দেশ মাতৃৰ পুজাত তেজৰ আহুতি দিৱলৈ মুক্তি ব্ৰত লৈ ওলাই আহিছিল l
ইয়াৰ পিছত দেশত স্বাধীনতা আন্দোলনত নাৰী শক্তিয়েও ভাগ লব লাগে বুলি জনোৱা উদাত্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই কণকলতাই সকলো কথাকে আওকাণ কৰি মৃত্যু বাহিনীত অন্তৰ্ভুক্ত হল l দিন ঠিক হল অক্টোবৰ মাহৰ ২০ তাৰিখ। প্ৰথম কাৰ্যসূচী আছিল অহিংসা সেনানীয়ে হাতত ত্ৰিৰংগা পতাকা লৈ পুলিচ থানা দখল কৰিব l প্ৰায় ৪০০০ লোক সমদল কৰি ওলাই আহিল গহপুৰ থানা অভিমুখে l
আগশাৰীত আছিল কিশোৰী অথচ চকুত জ্বলন্ত অগ্নিৰে বীৰাংগনা কনকলতা। গহপুৰ থানাৰ পশ্চিম ফালৰ তোৰণৰ মৃত্যু বাহিনীৰ পবিত্ৰ মন্ত্ৰত দীক্ষিত হৈ মৃত্যুক জয় কৰিবলৈ উদ্যত হোৱা কনকলতাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক শান্তিপূৰ্ণ ভাৱে ভাৰতীয় পতাকা তুলিবলৈ অনুমতি বিচাৰিলে l এনে সৰল মিনতিয়ে কাম নিদিয়াত আৰু বিষয়া জনে এখোজ আগুৱাই আহিলে ‘ গুলী কৰা হব ‘ বুলি ভয় দেখুৱাতে পতাকা উত্তোলন কৰিবলৈ কনকলতা বীৰদৰ্পে আগুৱাই গ’ল আৰু লগে লগে দুৰ্ধৰ্ষ পুলিচ বাহিনীৰ নিষ্ঠুৰ গুলীয়ে কনকলতাৰ কোমল বুকু থকা সৰকা কৰি দিলে l
ভাৰতীয় পতাকা খন হাতৰ মুঠিত লৈয়ে কৃষ্ণকান্ত বৰুৱা আৰু কৰ্ণেশ্বৰী বৰুৱাৰ দুহিতা কনকলতাই মৃত্যুক সাৱটি মাটিত ঢলি পৰিল আৰু কঁপালত সানি দিলে ছহিদৰ বিজয় তিলক l বিয়াল্লিছৰ গণবিপ্লৱৰ ঢৌত আগবাঢ়ি আহিছিল মুক্তি সংগ্ৰামী সকলৰে এগৰাকী ভোগেশ্বৰী ফুকননী l নগাঁও জিলাৰ বৰহমপুৰ নিবাসী ভোগেশ্বৰী ফুকননীৰ ছজন পুত্ৰ আৰু দুগৰাকী ছোৱালীৰে তেওঁৰ আছিল সংসাৰ। ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ ওলাই আহিছিল বৰহমপুৰৰ বোৱাৰী ভোগেশ্বৰী ফুকননী l পুলিচ মিলিটেৰীৰ আগমনৰ লগে লগে ' বন্দে মাতৰম্ ' ধ্বনিৰে চাৰিওদিশ মুখৰিত হৈ পৰিল l ওচৰৰ গাঁৱৰ পৰা দলে বলে মানুহে হাতত পতাকা লৈ শোভাযাত্ৰা কৰিবলৈ ওলাই আহিল l দলৰ সন্মুখত হাতত পতাকা লৈ আহিল ৰত্নমালা আৰু লগত ভোগেশ্বৰী ফুকননী l পুলিচৰ সন্মুখীন হোৱাৰ লগে লগে কেপ্টেইন ফিনিছে ষোড়শী গাভৰু ৰত্নমালাৰ হাতৰ পৰা সজোৰে ত্ৰিৰংগা পতাকা খন কাঢ়ি অনাৰ চেষ্টা কৰিলে l তনা আঁজোৰাত ৰত্নমালা মাটিত পৰি গল আৰু ত্ৰিৰংগা পতাকাৰ এনে অপমান দেখি ভোগেশ্বৰী ফুকননী উত্তেজিত হৈ পৰিল l উত্তেজনাত তেওঁৰ হাতত থকা ৰাষ্ট্ৰীয় পতাকা খন মাৰি ডালেৰে ফিনিছ চাহাবৰ মুখত মাৰি দিলে l এনে অপমানত ক্ৰোধান্বিত হৈ ৰিভলভাৰ উলিয়াই ভোগেশ্বৰী ফুকননীৰ মূৰলৈ ওপৰা ওপৰিকৈ গুলী মাৰি দিলে l তাৰিখ আছিল ২০ চেপ্তেম্বৰ l স্বাধীনতা আন্দোলনত অসমৰ অন্যতম মহিলা শ্বহীদ ৫৭ বছৰীয়া ভোগেশ্বৰী ফুকননীয়ে শেষ নিশ্বাস ত্যাগ কৰে। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে সমাজৰ সকলো ক্ষেত্ৰতে নাৰী পুৰুষৰ সম অধিকাৰৰ পোষকতা কৰিছিল l সেই আহ্বানতে কস্তুৰবা, বিজয়লক্ষ্মী পণ্ডিত, সৰোজনী নাইডু আদি বহুতো নাৰীয়ে অংশ গ্ৰহণ কৰিছিল l গতিকে, অতীজৰে পৰা বৰ্তমানলৈকে কনকলতাৰ পৰা জয়মতী মূলাগাভৰু লৈকে চালে দেখা যায় একো একোগৰাকী নাৰীয়ে বিভিন্ন ৰূপত নিজস্ব দক্ষতাৰে গধুৰ দায়িত্ব পালন কৰি, অশেষ ত্যাগ স্বীকাৰ কৰি পৰিয়াল আৰু সমাজৰো দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে l নাৰীৰ প্ৰগতিত বাধা নহৈ সহায়ক হলে পৰিয়ালৰ লগতে সমাজ খনো আগবাঢ়ি যাব l জয় হিন্দ্
জয় মা ভাৰত

স্বাধীনতা সংগ্ৰামত যি সকল মহিয়সী নাৰীয়ে দেশৰ স্বাধীনতা উদ্ধাৰি অনাত অগ্ৰণী ভুমিকা লৈছিল, সেই সকল নাৰীৰ সবিশেষ তথা বৰ্ণময় জীৱন চিত্ৰ দাঙি ধৰাটো যথাসম্ভৱ নহয় । সেয়েহে কেইগৰাকীমান নাৰীৰ সংক্ষিপ্ত পৰিচয়েৰে এই আলোচনা ভাগ আগবঢ়োৱাৰ যত্ন কৰা হৈছে।
“মই হ’ম সৰোজিনী বিশ্ব বিজয়িনী
শুপ্ত ভাৰত জগাই তুলিম ,
। ঢালি সঞ্জীৱনী।
মই হম সৰোজিনী ।”
স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল তথা ‘দ্য নাইটিংগেল অফ ইণ্ডিয়া ‘ নামেৰে জনাজাত সৰোজিনী নাইডুৱে নিজৰ অফুৰন্ত স্বদেশ প্ৰেমেৰে ভাৰতৰ জনগণৰ মাজত সুপ্ত হৈ থকা স্বদেশ প্ৰেমক পুনৰ জাগ্ৰত কৰি তুলিছিল ।
” মই হ’ম কনকলতা
প্ৰাণ বলি দিও উদ্ধাৰি আনিম
দেশৰ স্বাধীনতা।” গহপুৰৰ গৰঙাবাৰীৰ জীৱৰী দেশৰ স্বাধীনতা উদ্ধাৰৰ বাবে গহপুৰ থানত পতাকা উত্তোলন কৰি পুলিচৰ গুলীত প্ৰাণ বিসৰ্জন দি যি স্বদেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে , সেই অমৰ স্বদেশ প্ৰেমক লৈ আজিও আমি অসমীয়া নাৰীয়ে গৌৰৱ অনুভৱ কৰোঁ।'মহিলা শক্তি বাহিনী 'গঠন কৰি কনকলতা বৰুৱা , ৰাজকুমাৰী মোহিনী গোহাঁই আৰু বসন্তলতাৰ নেতৃত্বত পিকেটিং আৰু ব্ৰিটিছৰ অসহযোগ আন্দোলন আৰম্ভ কৰিছিল।মাত্ৰ ১৪ বছৰ বয়সতে ব্ৰিটিছৰ বিৰুদ্ধে আৰু দেশৰ হকে যুঁজি কনকলতা বৰুৱাই অসমীয়া মহিলাই দেশৰ হকে হ আত্মত্যাগ কৰিব পৰা মানসিকতাৰ কথা প্ৰমাণ কৰিছিল। ইয়াৰ উপৰিও চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সেই সময়ত কৰা পিকেটিং ৰ বাবে ডেৰ বছৰ জেলত বন্দী কৰি ৰখা হৈছিল আৰু তাতে তেখেতে মৃত্যুক সাৱটি লব লগা হৈছিল। অন্য এগৰাকী স্বাধীনতা সংগ্ৰামৰ মৃত্যু বাহিনীৰ অধিনায়িকা হ’ল পুষ্পলতা দাস।মৃত্যু বাহিনীক নেতৃত্ব প্ৰদান কৰা এইগৰাকী মহিয়ষী নাৰী আমাৰ মাজৰ আজীৱন চিৰনমস্য হৈ থাকিব। দা নাইতিংগেল অফ ইণ্ডিয়া নামেৰে খ্যাত সৰোজিনী নাইডু,কনকলতা বৰুৱা,পুশ্পলতা দাস আদিৰ উপৰিও নুমলী নাথ,খহুলি নাথ আদি মহীয়সী নাৰী সকলে স্বাধীনতা আন্দোলনত যি অফুৰন্ত ত্যাগ স্বীকাৰ কৰিলে; সেই অমৰ ত্যাগে আজিও প্ৰত্যেক গৰাকী অসমীয়া নাৰীক তথা অসমীয়াক আবেগ বিহ্বল কৰি তোলে । শেষত,স্বাধীন ভাৰতৰ ৭৩ তম স্বাধীনতা দিৱসৰ গৌৰৱ তথা শুভেচ্ছা জনোৱাৰ লগতে মাতৃভূমি ৰ গৌৰৱময় ,মহিমা ময় নাৰী সকলক শ্ৰদ্ধা নিবেদনেৰে........ বন্দে মাতৰম্ ।

স্বাধীনতা সংগ্ৰামত অসমীয়া_মহিলা
দিনটো আছিল ১৯৪২ চনৰ ১৮ ছেপ্টেম্বৰ। বৰহমপুৰৰ ৰাইজে পুলিচৰ হাতৰ পৰা শান্তি সেনা শিবিৰটো কাঢ়ি লৈছিল আৰু দিনটো উদযাপনৰ কাৰণে এটা ভোজৰ আয়োজন কৰিছিল। ভোজ চলি থকাৰ সময়তে বিটিছ সেনা উপস্থিত হ’ল আৰু কি নিৰ্মম অত্যাচাৰ চলিছিল তাৰে এটি চমু আলোচনা কৰোঁ আহক। লগতে চিনাকী হওঁ সেইদিনা শ্বহীদ হোৱা এগৰাকী মহিলাৰ সৈত্যে।
বৰহমপুৰ। তেতিয়ালৈকে নগাঁও জিলাৰ এক অখ্যাত অঞ্চল। সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰা বিয়াল্লিছৰ গণবিপ্লৱৰ ঢৌ অসমৰ এই অখ্যাত অঞ্চলৰ চুকে কোণে বিয়পি পৰিছিল।
বৰহমপুৰবাসী ৰাইজ আগবাঢ়ি আহিছিল মুক্তিৰ সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ। সেই সংগ্ৰামীসকলৰে এগৰাকী সাহসীয়াল মহিলা আছিল ভোগেশ্বৰী ফুকননী।
ভোগেশ্বৰী ফুকননীৰ জন্ম হৈছিল ১৮৮৫ চনত। স্বামী ভোগেশ্বৰ ফুকনসহ ৬ জন পুত্ৰ আৰু দুগৰাকী ছোৱালীৰে তেওঁৰ আছিল সংসাৰ।
১৯৪২ চনৰ ‘ভাৰত ত্যাগ’ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছিল বৰহমপুৰৰ বোৱাৰী ভোগেশ্বৰী ফুকননীও।
কংগ্ৰেছৰ বিভিন্ন কাৰ্যসূচীৰে বৰহমপুৰ মুখাৰিত হৈ পৰিছিল। সেই সময়ত বৰহমপুৰ কংগ্ৰেছ শিবিৰ অধিকাৰ কৰি আছিল বিটিছ চৰকাৰৰ পুলিচে। ইতিমধ্যে নগাঁৱৰ পশ্চিম অঞ্চলত পুলিচ আৰু মিলিটাৰীৰ বৰ্ণনাতীত অত্যাচাৰে চৰম সীমা পাইছিলেগৈ।
অত্যাচাৰ-উৎপীড়ন নেওচি বৰহমপুৰৰ শান্তি সেনাসকলে পুলিচৰ হাতৰ পৰা এই শিবিৰ উদ্ধাৰ কৰি আনন্দতে সেই অঞ্চলৰ সকলোৱে মিলি ভোজভাত খোৱাৰ আয়োজন কৰিলে। এনে কাৰ্যত পুলিচ আৰু মিলিটাৰীসকলে ব্ৰিটিছ সাম্ৰাজ্যৰ কাৰণে বিপদৰ গোন্ধ পাই অতি ক্ষিপ্ৰতাৰে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে কেপ্টেইন ফিনিচৰ অধীনত সেই ঠাইলৈ মিলিটাৰীৰ দল এটা পঠিয়ালে। ফলত খন্তেকতে সেই আনন্দৰ থলী কৰুণ ৰণথলীত পৰিণত হ’ল।
পুলিচ-মিলিটাৰীৰ আগমনৰ লগে লগে ‘বন্দে মাতৰম’ ধ্বনিৰে চাৰিওদিশ মুখৰিত হৈ পৰিল। ওচৰৰ গাঁৱৰ পৰা দলে-বলে মানুহ হাতত পতাকা লৈ পদযাত্ৰা কৰি ওলাই আহিছিল। দলৰ সন্মুখত হাতত ত্ৰিৰংগ পতাকা লৈ আহিল ৰত্নমালা আৰু লগতে মাক ভোগেশ্বৰী ফুকননী।
পুলিচৰ সন্মুখীন হোৱাৰ লগে লগে কেপ্টেইন ফিনিচে ষোড়ষী গাভৰু ৰত্নমালাৰ হাতৰ পৰা সজোৰে ত্ৰিৰংগ পতাকাখন কাঢ়ি অনাৰ চেষ্টা কৰিলে। টনা-আজোৰাত ৰত্নমালা মাটিত পৰি গ’ল আৰু পতাকাখন কেপ্টেইন ফিনিচে কাঢ়ি নিলে। ৰত্নমালা আৰু ত্ৰিৰংগ পতাকাৰ এনে অপমান কৰা দেখি ভোগেশ্বৰী ফুকননী উত্তেজিত হৈ পৰিল।
দেশমাতৃক চকুৰ আগতে অপমান কৰিলে কোনজন অসমীয়াই নিৰৱে ৰ’ব পাৰে। সেই উত্তেজনাত তেওঁৰ হাতত থকা ৰাষ্ট্ৰীয় পতাকাখন মাৰি ডালেৰে ফিনিচ চাহাবৰ মুখত খোচ মাৰি দিলে। এনে অপমানত কেপ্টেইন ফিনিচ চাহাব খংত ৰিভলভাৰ উলিয়াই ভোগেশ্বৰী ফুকননীৰ মূৰলৈ ওপৰাওপৰিকৈ গুলী মাৰি দিলে। মূহুৰ্ত্বৰ ভিতৰতে সেই মহিয়সী মহিলাগৰাকী মাটিত ঢলি পৰিল।
স্বাধীনতা আন্দোলনত অসমৰ অন্যতম মহিলা শ্বহীদ ৫৭ বছৰীয়া ভোগেশ্বৰী ফুকননীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে।
পুলিচৰ গুলীচালনাত ভোগেশ্বৰী ফুকনীন লগত শ্বহীদ আৰু আহত হোৱাসকলৰ কেইজনমান নাম তলত উল্লেখ কৰিলো
নিহত: লক্ষীকান্ত হাজৰিকা, ঠগীৰাম সূত, বলোৰাম সূত।
আহত: হলিৰাম হাজৰিকা, চকিৰাম নাথ, ডম্বৰুধৰ বৰুৱা, ভেলেউৰাম নাথ।
অসমৰ নাৰী যে কেতিয়াও কোনোদিনে নিজ দেশমাতৃৰ ৰক্ষা হকে পিচ হুৰুকি যোৱা নাই তাৰে এক জলন্ত উদাহৰণ এনে সাহসী মহীয়সী দেশপ্ৰেমী মহিলাসকলে দি আহিছে। এওঁলোকৰ নাম পৃথিৱীত সূয্য উদয় হৈ থকালৈকে সোনালী আখৰেৰে জিলিকী থাকিব। এই আপাহতে এই শ্বহীদ মহিলা সকললৈ মোৰ সহস্ৰ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ।
বন্দে মাতৰম

স্বাধীনতা যুঁজত অসমীয়া মহিলাৰ ভূমিকা:-
(লিখিব লৈছোঁ এগৰাকী প্ৰখ্যাত মহিলা, যাৰ বিষয়ে জনা হোৱাৰে পৰা আজিলৈকে শুনি বা পঢ়ি আহিছোঁ। এই চেগতে তেওঁক মই শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।)
কোমল বয়সীয়া ছোৱালীজনী, নাম তেওঁৰ কনকলতা বৰুৱা।তেখেতৰ জন্ম হৈছিল শোণিতপুৰ জিলাৰ বৰঙাবাৰী নামে ঠাইত।পিতৃ-মাতৃ ৰ নাম– স্বৰ্গীয় কৃষ্ণকান্ত বৰুৱা আৰু কৰ্ণেশ্বৰী বৰুৱা।
১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ অন্যতম গুৰি-ধৰোতা।যিজনী ছোৱালীয়ে দেশৰ বাবে নিজক বলিদান দিবলৈ কুণ্ঠাবোধ নকৰিছিল।দেশৰ বাবে ৰাইজৰ বাবে যিয়ে নিজৰ সকলো ত্যাগ কৰিব পাৰিছিল, সেইজনী ছোৱালীয়ে সাহসেৰে পুলিচৰ হুংকাৰলৈ ভয় নকৰি গহপুৰ থানাত জাতীয় পতাকা উৰুৱাবলৈ গৈছিল।পুলিচৰ গুলীৰে তেওঁৰ বুকু ভেদী গ’ল।তেওঁ থিতাতে বাগৰি পৰিল,কিন্তু জাতীয় নিচানখন পৰিবলৈ নিদিলে।।তেওঁ সাহসিকতা প্ৰদৰ্শন কৰি দেশৰ হকে মৃত্যুবৰণ কৰিলে। কিন্তু এইগৰাকী মহান মহীয়সী নাৰী চিৰকালৰ কাৰণে সকলোৰে অনুপ্ৰেৰণাৰ প্ৰতীক হৈ ৰ’ল।।
বৰ্তমান সময়তো এনে বহুতো মহিলা আছে আমাৰ সমাজত যিয়ে দেশৰ বাবে সবল ভূমিকা গ্ৰহণ কৰে। আৰু হয়তো এনে মহিলাও শিকিছে সেই তেওঁলোকৰ পৰাই যিসকলে দেশৰ বাবে নিজক বলিদান দিবলৈও হয়তো কুণ্ঠাবোধ নকৰে।তেওঁলোকৰ অনুপ্ৰেৰণা বৰ্তমান সমাজৰ মহিলাৰ বাবে আদৰ্শ।যাৰ গুণে দশোদিশ উজ্জ্বলাই তেওঁৰ আদৰ্শ ,তেওঁৰ নীতি সকলোৰে বাবে নতুন সৃষ্টিৰ প্ৰতীক, যি সৃষ্টিয়ে সমাজত দিয়ে নতুন পুৱাৰ সুন্দৰ বাতাবৰণ।। সকলো সতীৰ্থলৈ আগন্তুক স্বধীনতা দিৱসৰ আন্তৰিক উলগ যাছিলোঁ।আশা কৰিছো সকলোৱে সুকলমে চলাই নিব পাৰে আমাৰ চেনেহৰ বিহুটিৰ দৰেই স্বাধীনতা দিৱসৰ স্বকীয়তা। কঢ়িয়াই লৈ আনক সকলোৰে বাবে এখন নতুন পৃথিৱী। য'ত আমি ল'ব পাৰো শান্তিৰ উশাহ,, ।। ।।জয় হিন্দ।। ।। জয় ভাৰতবৰ্ষ।। *********** --

৭৪ #তমস্বাধীনতাদিৱসৰ_উপলক্ষে
ভাৰতৰ স্বাধীনতা সংগ্ৰামত দেশৰ বীৰ-বীৰাংগণা, ত্যাগী দেশপ্ৰেমী লোকৰ অৱদান অতুলনীয় । সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰো বহু লোকে এই আন্দোলনত নিজৰ প্ৰাণকো বলিদান দি আমাক স্বাধীনতা দি গৈছে । আজি তেনে এগৰাকী বলিষ্ঠ বীৰাংগণাৰ বিষয়ে লিখিবলৈ ওলাইছোঁ । তেওঁ হৈছে আমাৰ দেশমাতৃৰ বাবে প্ৰাণ আহুতি দি যোৱা স্বাধীনতা আন্দোলনৰ সক্ৰিয় স্বেচ্ছাসেৱিকা ৰূপে অৱদান আগবঢ়োৱা অন্যতম বীৰাংগণা #ভোগেশ্বৰী_ফুকননী । তেখেতৰ জন্ম হৈছিল নগাঁও জিলাৰ বঢ়হমপুৰত ১৮৮৫ চনত । পিতৃ আত্মাৰাম বৰগোহাঞি আৰু মাতৃ নীলেশ্বৰী বৰগোহাঞি ৰ সুসাহসী জীয়ৰী আছিল । তেওঁ ভোগেশ্বৰ ফুকনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । মহাত্মা গান্ধীৰ নেতৃত্বত বৃটিছ শাসনাধীন চৰকাৰৰ বিৰুদ্ধে ১৯৪২ চনত 'ভাৰত ত্যাগ আন্দোলন' গঢ় লৈ উঠে । এই আন্দোলনত হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহি বৃটিছৰ বিৰুদ্ধে আন্দোলনত যোগদান দিলে । দেশৰ এনে সংকটৰ সময়ত অসমীয়াৰ তেজাল বীৰংগণা ভোগেশ্বৰী ফুকননীও ঘৰৰ পৰা ওলাই আহি সক্ৰিয় স্বেচ্ছাসেৱিকাৰ দায়িত্বভাৰ হাতত তুলি ল'লে । ১৯৪২ চনৰ ১৬ ছেপ্টেম্বৰত বৰহমপুৰৰ স্বেচ্ছাসেৱী প্ৰশিক্ষণ ছাউনীবোৰত বৃটিছ চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল । তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ১৮ ছেপ্টেম্বৰত বৰহমপুৰত এক বিশাল ৰাজহুৱা সমাৱেশৰ আয়োজন হৈছিল । এই সমাৱেশৰ পৰা জনতাক ছত্ৰভংগ কৰি খেদি পঠিয়াবলৈ আৰক্ষীৰ বিশাল দল পঠিয়াইছিল বৃটিছ চৰকাৰে । সভাৰ সভাপতি প্ৰতাপ চন্দ্ৰ শৰ্মাক কৰায়ত্ব কৰি হাতত জাতীয় পতাকা লৈ থকা সেই সমাৱেশৰ পৰিচালিকা ৰত্নমালাৰ পৰা আৰক্ষীৰ মুৰব্বী মিঃ ক্লাৰ্কে বলপূৰ্বক পতাকা খন কাঢ়িবলৈ খুজোতে ৰত্নমালা মাটিত ধলি পৰিছিল । এগৰাকী প্ৰতিবাদী নাৰী আৰু আমাৰ অস্তিত্বৰ প্ৰতীক জাতীয় পতাকা খনৰ এনে অপমান সহ্য কৰিব নোৱাৰি আৰক্ষীৰ মুৰব্বী গৰাকীক পতাকাখনৰ মাৰিডালেৰে আক্ৰমণ কৰে । লাজে,ভয়ে ,অপমানে আৰক্ষী গৰাকীয়ে ভোগেশ্বৰী ফুকননীক বন্দুকেৰে গুলি কৰিলে । তাৰ দুদিনৰ পিছত মাতৃভূমিৰ বাবে জীৱন দান দি চিৰকালৰ বাবে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰি শ্বহীদ হ'ল । তেওঁৰ এই অমূল্য অৱদানে প্ৰতিজন অসমীয়াকে স্বাধীনতা দিৱস উদযাপনৰ সময়ত গৌৰাম্বিত কৰি তোলে । *******************************************

স্বাধীনতা আন্দোলনত মহিলাৰ গুৰুত্ব বহুত বেছি আছিল । মহাত্মা গান্ধীৰ নেতৃত্বত গঙ্গাবেন মজুমদাৰ নামৰ অসাধাৰণ মহিলা এগৰাকীয়ে অস্পৃশ্যতা এৰি তেওঁ খাদী বস্ত্ৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল লগতে অৱন্তিবাই ,ৰামীবাই এনেদৰে কেইবাগৰাকীও মহিলাই সূতা কাটি খদ্দৰ কাপোৰ তৈয়াৰ কৰাত সহায়ক হৈছেল ।
অসমতো জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত ‘মৃত্যু বাহিনী’ত যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখেভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমশাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা বৃটিছৰ পতাকা নমাই তাৰ ঠাইতভাৰতৰ জাতীয় পতাকাউত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মৃত্যুপণ বাহিনী তৈয়াৰ কৰা হৈছিল।গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱীকা গৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে। ফলত ১৭ বছৰ বয়সতে কনকলতা মাটিত বাগৰি পৰি শ্বহীদ হয় । অসমৰ অন্যতম এগৰাকী মহিলা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৬ চনত অসম প্ৰাদেশিক মহিলা সমিতি গঠন কৰি আগভাগ লৈছিল । তেওঁ ১৯১৮ চনত অসম ছাত্ৰ সন্মিলনত opium বন্ধ কৰিবলৈ আহ্বান জনাইছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাৰ দ্বাৰা আমাৰ মাজত থকা বিভিন্ন লোকৰ জাতিৰ বিৰুদ্ধাচৰণ ৰোধ কৰিবলৈ চেষ্টা কৰিছিল ।তেওঁ অসম সাহিত্য সভাৰ নগাওঁ অধিৱেশনত নাৰী আৰু পুৰুষৰ মাজত সমঅধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য ৰাখিছিল। অসহযোগ আন্দোলনৰ আগভাগ লৈছিল । বাল্য বিবাহ আৰু বিধৱা সকলৰ অধিকাৰৰ ওপৰত মাত মাতি আহিছিল । অসমৰ আন আন মহিলা ভোগেশ্বৰী ফুকননী,লক্ষী হাজৰিকা,বলো সুত,ঠগী সুতে স্বাধীনতাৰ খাটিৰত বৰহমপুৰ গুলীচালনাৰ ঘটনাত প্ৰাণ হেৰুৱায়। আজিও আমাৰ অসমৰ মহিলাই স্বাধীনতাৰ ক্ষেত্ৰত আহোপুৰুসাৰ্থ কৰি আহিছে । পাগঘৰৰ পৰা দেশ ৰক্ষা লৈকে মহিলাই গুৰুত্ব ভুমিকা গ্ৰহণ কৰি আহিছে । মুঠতে মহিলা সকলে স্বাধীনতাৰ ক্ষেত্ৰত তাহানিৰ পৰা একেৰাতিৰ ভিতৰত কবচ কাপোৰ বৈ দিয়াৰ পৰা বুকু পাতি গুলী খোৱালৈ বহুতো অৰিহণা আছে । তাক কৈ অন্ত কৰিবনোৱাৰি । %%%%%%%

স্বাধীনতা সংগ্ৰামত মহিলাৰ ভূমিকা~~~~~~
১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা আমাৰ দেশ ভাৰতবৰ্ষই ব্ৰিটিছসকলৰ দাসত্ব ছিঙি স্বাধীনতা অৰ্জন কৰিছিল।কিন্তু প্ৰায় দুশ বছৰীয়া এই পৰাধীনতাৰ অভিশাপৰ পৰা মুক্ত হ’বলৈ আমাৰ দেশৰ ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে দীঘলীয়া যুঁজ দিব লগা হৈছিল।সেয়ে এই স্বাধীনতা লাভৰ আৰঁত আছে হাজাৰ- বিজাৰ দেশপ্ৰেমিক শ্বহীদৰ সংগ্ৰাম আৰু আত্মদানৰ কাহিনী।এই ক্ষেত্ৰত মহিলাসকলৰ কথা বিশেষভাৱে মনকৰিবলগীয়া। তেওঁলোকে অশেষ দুখ-কষ্ট-যন্ত্ৰণা আৰু ত্যাগ স্বীকাৰ কৰি ,অকাতৰে জীৱনদান কৰিওঁ এই সংগ্ৰাম চলাই যোৱাৰ বাবে আজি আমি স্বাধীন দেশত বাস কৰিছো।স্বাধীনতা লাভৰ আকাংক্ষাত আমাৰ দেশপ্ৰেমী বীৰংগনাসকলে কাৰাগাৰৰ অন্ধ কুঠৰীত বন্দী হৈ,বন্দুকৰ গুলী বুকু পাতি লৈ,হাঁহিমূখেৰে ফাঁচীৰ জৰী ডিঙিত পিন্ধিলৈ যি মহান আত্মত্যাগৰ ইতিহাস ৰচনা কৰিছিল সেয়া সঁচাকৈয়ে তুলনাৰ কৰিব নোৱাৰি।এই বিৰংগনাসকলক আমি সদায়ে শ্ৰদ্ধাৰে সোঁৱৰা উচিত।
স্বাধীনতা সংগ্ৰামত প্ৰবল সাহিসিকতাৰে সংগ্ৰাম কৰা কেইগৰাকীমান মহিলাৰ নাম হ’ল-নলিনীবালা দেৱী,চদ্ৰপ্ৰভা শইকীয়ানী,পুষ্পলতা দাস,কমলা মিৰি,ভোগেশ্বৰী ফুকনী আৰু ফুলকুমলীয়া মহিয়সী নাৰী কনকলতা বৰুৱা।সকলোৰে বিষয়ে কোৱাটো অসম্ভপৰ গতিকে মই এই ক্ষেত্ৰত কনকলতাৰ বিষয়ে দুৱাষাৰ সোঁৱৰণ কৰিব লৈছোঁ।
কনকলতা আছিল অল্পভাষী আৰু নিঃসংগতাপ্ৰিয় গাভৰু।কনকলতা আছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিত দীক্ষিত।কনকলতাই স্বাধীনতা সংগ্ৰামৰ মহিলা গোটৰ নেত্ৰী পুষ্পলতা দাসক কৈছিলঃ”প্ৰতিগৰাকী নাৰীৰ অন্তৰত দেশাত্মবোধ আছে।তেওঁলোকে নিজৰ দেশক,নিজৰ জাতিক ভাল পায় আৰু এই ভালপোৱাৰ বিনিময়স্বৰুপে মই কনকলতাই গহপুৰ থানা অভিমূখে হাঁতত ত্ৰিৰং পতাকা লৈ সমদলৰ আগত গৈ থানাত প্ৰৱেশ কৰিম।” কনকলতাৰ এনে বলিষ্ঠ কথাই সমদল বাসীক নতুন প্ৰেৰণা দিছিল।এইদৰে কনকলতাই পুলিচৰ হকা-বাধা আওকাণ কৰি ‘বন্দ মাতৰম’ ধ্বনি দি থানাত প্ৰৱেশ কৰিবলৈ লওঁতেই ১৯৪২চনৰ ২০ছেপ্তেম্বৰ তাৰিখে পুলিচৰ গুলীত প্ৰাণ আহুতি দিব লগা হৈছিল।
এইগৰাকী মহীয়সী নাৰী আজি আমাৰ মাজত নাই কিন্তু দেশৰ হকে জীৱন বলিদান দি তেওঁ যি আদৰ্শ দেখুৱাই থৈ গ’ল সিয়ে আজিওঁ নতুন প্ৰজন্মক জাতীয়তাবোধৰ শিকনি দি আছে।গতিকে কনকলতা সদায়ে আমাৰ মাজত অমৰ হৈ থাকিব।
অল্পী দাস*
শ্ৰেণী-দ্বাদশ মান।

স্বাধীনতা যুঁজত অসমীয়া মহিলাৰ ভূমিকা
স্বাধীনতা সংগ্ৰামত যুঁজ দিয়া মহিলাসকলৰ নাম সোণালী আখৰেৰে আমাৰ বুকুৰ মাজত জিলিকি আছে ৷ এই মহিলাসকলৰ স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা আছে ৷
মহিলাসকলৰ দুৰ্বাৰ সাহস মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদৰ্শই আজিও অসমবাসীৰ হৃদয়ত
সোমাই আছে ৷ তেখেতেসকলৰ সততা , নম্ৰতা, দেশপ্ৰেমৰ আজি নাৰী শক্তি জাগৰণৰ এক প্ৰমাণ ৷ নাৰী যে নহয় দু্ৰ্বল সময়ত নিজৰ সততা সাব্যস্ত কৰা কাৰণে নিজকে যুঁজৰ বাবে সাজু কৰি লয় ৷
স্বাধীনতা যুঁজ দিয়া মহিলাসকল বিশেষ অৰিহণা আছে ৷ এই আন্দোলনত নিজস্ব ত্যাগ কৰি দেশৰ বাবে আগুৱাই আহি দেশ আইমাতৃক ৰক্ষা কৰা এই নাৰীসকলৰ ত্যাগৰ আমি যেন চিৰ কৃতজ্ঞ ৷ এই যুঁজত জপিয়াই পৰা মহিলাসকল ,কনকলতা বৰুৱা , ভোগেশ্বৰী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু বহুতো বীৰাংগনা নাম উল্লেখ আছে৷ তাৰ ভিতৰত স্বাধীনতা যুঁজত অসমীয়া মহিলা এগৰাকী বিষয়ে অকমান লিখাৰ প্ৰয়াস কৰিছোঁ ৷
চন্দ্ৰপ্ৰভা শইকীয়ানী এওঁ অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্ৰথম মহিলা ৷ এখেত ‘অসম মহিলা সমিতি’ৰ জন্মদাতা ৷ গোটেই জীৱন সমাজত নাৰী অধিকাৰ সাব্যস্ত কৰিছিল ৷ ১৯০১ চনত বজালীৰ দৈশিঙিৰী গাঁওত জন্ম ৷চন্দ্ৰপ্ৰভা শইকীয়ানী সেই সময়ৰ নাৰীৰ মাজত হোৱা সকলো বাধা অতিক্ৰম কৰি সমাধান কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল ৷ মানৱীয় অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজনীতিত নাৰীৰ সক্ৰিয় অংশগ্ৰহণত প্ৰাধান্য দি নিজে নিৰ্বাচনত প্ৰতিদন্দ্বীৰূপে থিয় দিছিল আৰু আন আন মহিলাকো এই ভুমিকাত অৱতীৰ্ণ কৰাইছিল ৷ তেওঁৰ প্ৰচেষ্টাত স্বাধীন ভাৰতত প্ৰথমবাৰ বাবে অসমৰ মহিলা সকল কংগ্ৰেছ দলে মনোনয়ন দিবলৈ বাধ্য হৈছিল ৷
চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল এটা যুগৰ সংগ্ৰামী সত্বা ৷ নিৰ্যাতিতা , অবহেলিতা, লাঞ্ছিতা, অপমানিতা মহিলাসকলক উদ্ধাৰ কৰি মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰাটোৱে আছিল শইকীয়ানীৰ প্ৰধান জীৱনৰ মূলমন্ত্ৰ ৷
এই স্বাধীনতা যুঁজত হিল-দল্ ভাঙি মহিলাসকলে যোগদান কৰিছিল ৷ লগতে বিদেশী বস্ৰ জ্বলাই, স্বদেশী আন্দোলনত আদিতে মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ গান্ধীজীয়ে কৈছিল,-অৱলা নাৰীক সৱল কৰিব পাৰিলে অসহায় নাৰীক শক্তিশালী কৰিব পৰা যায়৷ মহাত্মা গান্ধীৰ দেশীয় যাত্ৰাৰ সময়ত অন্ধপ্ৰদেশত মহিলাসকলে নিজৰ অলংকাৰ পৰ্যন্ত স্বাধীনতা আন্দোলনৰ পুঁজি সংগ্ৰহৰ বাবে দান কৰিছিল ৷ গান্ধীৰ দাণ্ডি যাত্ৰাত অংশ গ্ৰহণ কৰি শতাধিক মহিলাই কাৰাবাস পৰ্যন্ত খাটিছিল ৷
মুঠতে , স্বাধীনতা যুঁজত মহিলাৰ ভূমিকাৰ বিৰল স্থান আছে ৷
এই মহিলাসকলৰ স্বাধীনতা যুঁজত ত্যাগৰ অপৰিসীমা অৰিহনা যোগাইছে ৷ বুৰঞ্জীৰ পাতনিত ত্যাগী মহিলাসকলৰ ভূমিকা সদায় জিলিকি ৰৈ আছে ৷
=== জয় হিন্দ ==
==== বন্দে মাতৰম ====🙏

স্বাধীনতা যুঁজত অসমীয়া মহিলাৰ অৱদান ৷অসমৰ মহিলাৰ স্বদেশপ্ৰেমৰ এক গৌৰৱোজ্বল অধ্যায় ভাৰতৰ স্বাধীনতা
যুঁজৰ এক সুকীয়া আসন ৷ সুজলা সুফলা
শস্য শ্যামলা আই অসমীৰ বুকুত শতিকাযোৰা ব্ৰিটিছৰ পদছায়াত চলা দমন উৎপীড়ন কুশাসনৰ বাঘজৰী ছিঙিবৰ বাবে
অসমৰ নাৰী সমাজ গান্ধীজীৰ সত্যাগ্ৰহ
আন্দোলনত কেনেকৈ জপিয়াই পৰিছিল
সেয়াও অসম বুৰঞ্জীৰ ইতিহাস ৷ অসমৰ
এক ভীষণ প্ৰতিকুল পৰিস্থিতিত ৰক্ষণশীল
সমাজৰ কঠোৰ অনুশাসনৰ শিকলি চিঙি
অসমৰ মহিলাসকল স্বদেশপ্ৰেমেৰে উদ্ধুদ্ধ হৈ আখলৰ পৰা ৰাজপথলৈ ওলাই আহি
সমুখৰৰণত ভাগ লবলৈ মৰসাহ কৰিছিল ৷
অসমৰ মহিলাসকলে মুক্তি বাহিনী গঠন
কৰিছিল ৷ লালুং প্ৰভাৱতী দেৱী বিদ্যুতপ্ৰভা
দেৱী নলিনীবালা দেৱী গুণেশ্বৰী দেৱী
আদি মহিয়ষী নাৰীৰ নাম এই মুক্তি বাহিনীত শীৰ্ষস্হানত আছিল ৷ শোণিতপুৰ
জিলাৰ লালমাটি চাহবাগিছাৰ চাহ
জনজাতিৰ বংশোদ্ভৱ মুংৰী ওৰাং নামৰ মহিয়সী নাৰী গৰাকী এই সংগ্ৰামৰ প্ৰথম
শ্বহীদ অসমীয়া মহিলা আছিল ৷
১৯২৬ চনত পাণ্ডু অধিবেশনত চন্দ্ৰপ্ৰভা
শইকীয়ানী সৰলা দাস কিৰনবালা বৰকাকতিৰ নেতৃত্বত ছয় সাতহাজাৰ লোক
বহিব পৰাকৈ সভাস্থলীৰ গাদীবোৰ ঢাকিবৰবাবে বগা খদ্দৰ কপোৰ নিপুণ
শিপিনীয়ে বৈ উলিয়াইছিল ৷
১৯৩০ চনত আইন অমান্য আন্দোলনৰ
সময়ত গান্ধীজীয়ে কাৰাবৰণ খাটিব লগা
হৈছিল ৷ এই কথাটোৱেই অসমীয়া নাৰীৰ হৃদয়তক্ষোভৰ উদ্গীৰণ ঘটাইছিল ৷
অসমৰ নাৰী ৰৈ নাথাকিল ৷ব্ৰিটিছ চৰকাৰে
হকে বিহকে পুৰুষসকলক কাৰাগাৰত
ভৰোৱা দুৰ্দশাই মহিলা সকলক সংগ্ৰামৰ
জৰীডাল আপোনা আপুনি মেৰাই লবলৈ
বাধ্য কৰালে ৷ আন্দোলনৰ কামত দেহ মন
ঢালি দিয়া দেখি গান্ধীজীয়ে কৈছিল যে
’অহিংসা যদি আমাৰ পৰম ধৰ্ম হয় তেন্তে
দেশৰ ভৱিষ্যত আজি মহিলাৰ হাতত ৷১৯৩২ চনত গোলাঘাটৰ সক্ৰিয় কংগ্ৰেছ
নেতা আনন্দৰাম বৰুৱাৰ পত্নী দ্বাৰিকীদাস
বৰুৱাই পিকেটিং কৰিবলৈ গৈ ছয় মাহৰ
সশ্ৰম কাৰাদণ্ড ভুগিব লগা হয় ৷কাৰাবাসত
থকা কালতে ২৬ এপ্ৰিলৰ দিনাখন গৰ্ভৱতী
অৱস্থাত অসুস্থ শৰীৰে মৃত্যুক আকোঁৱালি
লব লগা হৈছিল ৷ আইন অমান্য আন্দোলনত তেওঁৱেই আছিল প্ৰথম মহিলা
শ্বহীদ ৷ গোলাঘাট আৰু দেৰগাওঁৰ পূণ্যকাকতী পূণ্যপ্ৰভা হাজৰিকা সোমেশ্বৰী গগৈ লক্ষেশ্বৰী ৰাজখোৱা হেমলতা দত্ত বিৰজাবালা দেৱী মাধৱী কোঁছ ৰুপহী গগৈ
মালতী কোঁচ গোলাপী সোনোৱাল লভিতি
সোনোৱাল বিনা দাস আদি মহিয়ষী নাৰীয়ে
এই আইন অমান্য আন্দোলনত কাৰাবৰন
খাটিছিল ৷
।।।।

( সংক্ষিপ্ত বিৱৰণ )
#
ভাৰতৰ স্বাধীনতা আন্দোলনত গোৱালপাৰা জিলাৰ অৱদান যথেষ্ট আছে৷
অসম বুৰঞ্জীত ঠাই নোপোৱা,অথচ কোনো গুণেই কম নাছিল স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত গোৱালপাৰা জিলা খন ৷ জিলা খনৰ ঠাই বিশেষে বহু পৰিমানে স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল ৷ ১৯৪২ চনৰ ৪ নভেম্বৰ ,গোৱালপাৰা জিলাৰ আজ্ঞাবাহী মহকুমাধিপতি চন্দ্ৰ কমল ভূঞাৰ নেতৃত্বতেই ইংৰাজৰ কামাণ্ডাৰ,দাৰোগাকে ধৰি পুলিচ বাহিনীয়ে কোকিৰা গাওঁৰ নিধুৰাম ৰাজবংশীক জৰিমনা নিদিয়াৰ অজুহাতত নিজ ঘৰতেই আন্ধাৰ কোঠাত বয়েনেটেৰে খুচি খুচি হত্যা কৰিছিল ৷সেই সময়ত গোৱালপাৰাৰ নামী দামী নেতা,গোৱালপাৰা চহৰৰ খ্যাতনামা স্বাধীনতা সংগ্ৰামী ৺যোগেন্দ্ৰ নাথ নাথ ,৺এম,আশ্ৰফ আলী,৺মনিকান্ত দাস গোৱালপাৰা চহৰৰ প্ৰখ্যাত সংগ্ৰামী ব্যক্তি আছিল ৷ আন্দোলনে যেতিয়া গা কৰি উঠিছিল তেতিয়াই চন্দ্ৰনাথ শৰ্মাই সংগ্ৰামৰ বাণী প্ৰচাৰ কৰি যুৱ সমাজক একত্ৰিত কৰিছিল ৷ কামাখ্যাচৰণ সেন,খয়ৰুদ্দিন আহামেদ,লতিফুদ্দিন আহামেদ,আৰছেদ আলী,মহম্মদ হুছেইন আদিকে ধৰি বহুলোকে একগোট হৈ কংগ্ৰেছ আৰু খিলাফত আন্দোলনৰ গুৰি ধৰিছিল ৷ ১৯২১ চনত খাৰা গাওঁৰ যুধিষ্ঠিৰ হাজোৱাৰী আৰু গোবিন্দ চন্দ্ৰ ৰায় বিদেশী বস্তু বৰ্জন আন্দোলনত গেপ্তাৰ হব লগা হৈছিল ৷ আন এজন ব্যক্তি যিজনে গোৱালপাৰৰ ভিতৰত আটাইতকৈ বেছি কাৰাবৰণ খাতিব লগা হৈছিল,তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই জাতিৰ পিতা মহাত্মা গান্ধী ,পণ্ডিত জৱাহৰলাল নেহেৰুৰ দৰে নেতাই গোৱালপাৰা চহৰত খোজ পেলাব লগা হৈছিল সেই মহান নেতা গৰাকী আছিল ৺ খগেন্দ্ৰ নাথ নাথ ৷ ১৯২১ চনত দেশ জুৰি মহাত্মা গান্ধীৰ অহিংসা অসহযোগ আন্দোলন আৰু সেই আন্দোলনে গোৱালপাৰা চহৰকো বাৰুকৈয়ে প্ৰভাম্বিত কৰিলে,আন্দোলনৰ সমৰ্থনত মাৰ্চ মাহৰ ১ তাৰিখে খগেন্দ্ৰ নাথ নাথ দেৱৰ নেতৃত্বত পৃথ্বিৰাম চৰকাৰী হাইস্কুলৰ ছাত্ৰ সকলে স্কুলৰ পৰা ধৰ্মঘট কৰি ওলাই আহিছিল ৷ গোটেই জিলাখনকেই বিপ্লৱৰ বতাহে কপাই তুলিছিল , চাৰিওপিনে বিয়পি পৰিছিল আন্দোলনৰ জুই ৷ দুধনৈ,কৃষ্ণাই ,লক্ষীপুৰ,দলগোমা,আদি ঠাইবোৰত আন্দোলনে ব্যাপক ভাৱে প্ৰভাৱ পেলাইছিল ৷ নৰপতি বসুমতাৰী,নিকুঞ্জ বসুমতাৰী,মনিশংকৰ বসুমতাৰী,তেক ৰাভা,উমেশ চন্দ্ৰ ৰাভা,হাকিম চন্দ্ৰ ৰাভা,ৰাজেন্দ্ৰ নাথ ৰাভা,শৰৎ চন্দ্ৰ ৰাভা,টিকেন্দ্ৰ ৰায় চৌধুৰী,শৈলোজা কান্ত বোস ,কুমুদ ৰঞ্জন আদি ব্যক্তি সকল চিৰস্মৰণীয় ৷ ইয়াৰোপৰি এই স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে জড়িত থকা বহুতো ব্যক্তিৰ নাম মোৰ অজ্ঞাতত আছে ৷ আৰু সেই সকল ব্যক্তিৰ নাম বিচাৰি উলিয়াব লগাটো আমাৰ কৰ্তব্যৰ ভিতৰত পৰে ৷
ভাৰতৰ স্বাধীনতা সংগ্ৰামত গোৱালপাৰা জিলাৰ দলগোমাৰ বহুতো সংগ্ৰামী নেতা , ছাত্ৰ নেতাই সংক্ৰিয়তাৰে আন্দোলনত জপিয়াই পৰিছিল ৷ কটন কলেজত পঢ়ি থকা ছাত্ৰ ৺মফিজুদ্দিন আহাম্মদ আৰু ৺প্ৰভাত চন্দ্ৰ অধিকাৰীয়ে আন্দোলনৰ প্ৰতিবাদ জনাই কলেজ ত্যাগ কৰিছিল৷”ভাৰতীয় জাতীয় কংগ্ৰেছ”, “ভাৰতীয় সমাজবাদী পাৰ্টি”আদি দল সমুহত অংশগ্ৰহণ কৰি বহুতো ব্যক্তিয়ে আন্দোলনত উঠিপৰি লাগিছিল তাৰ ভিতৰত ৺মনোমোহন দাস,সহিমউদ্দিন আহাম্মদ,৺উত্তম দাস ,৺ৰাধাচৰণ দাস,৺আইনুদ্দিন মণ্ডল,৺ছজিমউদ্দিন,৺মহেন্দ্ৰ নাৰায়ণ চক্ৰৱৰ্তী,৺ৰত্নেশ্বৰ দাস ,৺দেবেন্দ্ৰ নাৰায়ণ দাস, ৺উদয় কুমাৰ দাস ,মহৎ চন্দ্ৰ হাজোৱাৰী,শৰৎ চন্দ্ৰ নাথ আদি ব্যক্তি সকলো আছিল৷
৺ৰত্নেশ্বৰ দাস আৰু তেখেতৰ ডাঙৰ ককায়েক ৺দেবেন্দ্ৰ নাৰায়ন দাসে ১৯৪২ চনৰ গন আন্দোলনত কেবাবাৰো কাৰাবন্দী হব লগা হৈছিল ৷ কাৰাগাৰত থকা সময়তে দেবেন্দ্ৰ নাৰায়নৰ একমাত্ৰ পুত্ৰ চন্দ্ৰ দাসৰ পানীত পৰি মৃত্যু হৈছিল , উল্লেখযোগ্য যে চন্দ্ৰ দাসে সেই সময়তে চৰকাৰী স্কুলৰ পৰা বৃত্তি পৰীক্ষা দি অসমৰ ভিতৰতে প্ৰথম স্থান পাই উত্তীৰ্ণ হৈ সোণৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেইজন পুত্ৰৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতো কৰাগাৰৰ পৰা ওলাই আহিব পৰা নাছিল ৺দেবেন্দ্ৰ নাৰায়ণ দাসে ৷ এনেদৰে এই মহান নেতা সকলে স্বাধীনতা আন্দোলনত বহুতো ত্যাগ স্বীকাৰ কৰিব লগীয়া হৈছিল আৰু জপিয়াই পৰিছিল দেশমাতৃক স্বাধীন কৰাৰ বাবে আন্দোলন আৰু প্ৰতিবাদত ৷ দেশ মাতৃক ৰক্ষা কৰা স্বাৰ্থত নিজৰ সকলো আৱেগ অনুভূতিকো বিসৰ্জন দিবলগা হোৱাতো অকণো কুন্ঠাবোধ কৰা নাছিলে ৷ অসমক স্বাধীন কৰাৰ ক্ষেত্ৰত গোৱালপাৰাৰ বিপ্লৱী নেতা সকলে যি অৱদান আগবঢ়াইছিলে তাক কোনেও নুই কৰিব নোৱাৰে ৷
স্বাধীনতাই বহু বছৰ গৰকি থৈ যোৱাৰ পিছত অবশেষত স্বাধীনতা আন্দোলনৰ বলিষ্ঠ নেতা ৺ৰত্নেশ্বৰ দাসে ১৯ ৯১ চনত গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ অসম খাদী ও গ্ৰামোদ্যোগ বোৰ্ডৰ আধ্যক্ষৰ পদ অলংকৃত কৰি সমগ্ৰ গোৱালপাৰা ,দলগোমা বাসীকে গৌৰাৱাম্বিত কৰি থৈ যায় ৷
এওঁলোকৰ এই মহান অৱদানৰ কথা গোৱালপাৰা বাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে,স্মৃতিৰ পাতত চিৰ যুগমীয়া হৈ থাকিব ৷ অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস লুটিয়াই চালে গোৱালপাৰা জিলাৰ নাম সদায় উজ্জ্বলি থাকিব ৷৷
🙏জয় আই অসম 🙏
বিঃদ্ৰঃ≈ প্ৰয়াত ৰত্নেশ্বৰ দাস আৰু প্ৰয়াত দেবেন্দ্ৰ নাৰায়ণ দাস মোৰ ককাদেউতা আছিলে ৷তেওঁলোক আজি আমাৰ মাজত নাই যদিও আমি তেওঁলোকৰ কৰ্মৰাজিকলৈ সদায় গৌৰাৱাম্বিত ৷

নমস্কাৰ প্ৰিয়,লেখক বৃন্দ,৭৪ তম্ স্বাধীনতা দিৱস উপলক্ষে”অনুভৱ”গোটে বিশেষ লেখা আহ্বান কৰিছিলোঁ ৷ সেই আহ্বানৰ প্ৰতি সহাৰি জনাই বহুজনে লেখা গোটতে হওঁক বা আমাৰ ৱাটচ্এপৰ জৰিয়তে হওঁক লেখা পঠাই আমাৰ অনুষ্ঠানটো তথা আমাৰ মঞ্চখন জীপাল কৰি তুলিলে , আজি আমি এই পবিত্ৰ ক্ষণত সেই সকল শ্বহীদক সোঁৱৰণ কৰিবই লাগিব ,যিসকলৰ বলিদানৰ বাবে আমি আজি এখন স্বাধীন দেশ লাভ কৰিবলৈ সক্ষম হৈছো ৷
পুনৰ এবাৰ সকলোকে প্ৰশাসকৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু শুভ কামনা জনালোঁ ৷
ইতি
শিৱ তামুলী,আয়োজক
ধ্ৰুৱজ্যোতি বৰা,উপদেষ্টা
মৌমিতা ৰয়,উপদেষ্টা
বৰ্ণালী দাস উপদেষ্টা