জীৱনী: লাচিত বৰফুকন - অসমৰ বীৰ | Biography of Lachit Borphukan - Dev Library (2023)

অসম বুৰঞ্জীৰ পাত লুটিয়াই চালেই দেখা পোৱা অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্বা হ’ল লাচিত বৰফুকন (Lachit Borphukan Essay in Assamese)। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বাৰ্থ আৰু দুৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দুৰদৰ্শীতাই শিহৰণ তোলে। এক কথাত অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান হ’ল লাচিত বৰফুকন।

জীৱনী: লাচিত বৰফুকন - অসমৰ বীৰ | Biography of Lachit Borphukan - Dev Library (1)

লাচিত বৰফুকন জীৱনী – Lachit Borphukan Biography

Table of Contents

নামলাচিত বৰফুকন[1]
জন্ম চন২৪ নবেম্বৰ, ১৬২২ চন
জন্ম স্থানগড়গাঁৱ
পিতৃৰ নামশুকুটী ওৰফে মোমাই তামুলী বৰবৰুৱা
মাতৃৰ নামনাগেশ্বৰী আইদেউ
মৃত্যু২৫ এপ্ৰিল, ১৬৭২

Contents

[show]

  • লাচিত বৰফুকন জীৱনী – Lachit Borphukan Biography
    • জন্মৰ ইতিবৃত্ত
      • প্ৰাৰম্ভিক শিক্ষা
      • লাচিত বৰফুকনৰ প্ৰাৰম্ভিক জীৱন
      • কৰ্মজীৱন
    • আলাবৈ ৰণত লাচিত বৰফুকনৰ ভুমিকা
      • মোগলৰ সৈতে যুদ্ধ
      • যুগান্তকাৰী শৰাইঘাট ৰণ
      • মৃত্যু
    • অসমীয়াৰ স্বাভিমানৰ প্ৰতীক লাচিত/ লাচিত দিৱস উদযাপনৰ কাৰণ
      • সামৰণি
    • FAQ
(Video) লাচিত বোরফুকানের উপর তথ্যচিত্র

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

জন্মৰ ইতিবৃত্ত

ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি হ’ল লাচিত বৰফুকন। উল্লেখ্য যে সাত ৰাজ সামৰি এক ৰাজ কৰা চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ।

Read More: Lachit Borphukan Essay in Assamese 500 Words

লাচিত বৰফুকন হ’ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান। তেওঁৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়।

প্ৰাৰম্ভিক শিক্ষা

শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল প্ৰাৰম্ভিক শিক্ষা। ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও তেওঁ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবেই সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লাচিত বৰফুকনৰ প্ৰাৰম্ভিক জীৱন

সাত ৰাজ সামৰি এক ৰাজ কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চুকাফাৰ লগতে অসমলৈ আহিছিল অদম্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ পূৰ্বপুৰুষ। ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি আছিল লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱা আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক।

Read Also: Biography of Lachit Borphukan in English

শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে পোন প্ৰথমে নিজৰ বাসগৃহতেই প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল। ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰে লাচিত বৰফুকনে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিব লগা হৈছিল। লাচিত বৰফুকনক তেওঁৰ পিতৃ মোমাই তামূলী বৰবৰুৱাই উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ ঘৰুৱা শিক্ষক নিয়োগ কৰি আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ উপৰিও মোমাই তামুলী বৰবৰুৱা আছিল আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবে সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰাও লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল।

কৰ্মজীৱন

পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক হিচাপে লাচিত বৰফুকনে আহোম ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। গুৰুত্বপূৰ্ণ কথা যে পোন প্ৰথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ হাঁচতিধৰা তামুলীৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে।

ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোঁতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিক ভাৱে তত্ত্বাৱধান কৰাই নহয় বহ কেইটা দুৰ্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।

(Video) ইংরেজিতে লাচিত বোরফুকানের উপর একটি প্রবন্ধ লিখুন | Lachit Borphukan Essay In English |

ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত। শিমলুগুৰিয়া ফুকন‌ হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা‌ হিচাপে। দোলাকাষৰীয়া বৰুৱা হিচাপে নিযুক্তি লাভ কৰা লাচিত বৰফুকনৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালি-পহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা।

লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল। যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসীকতা আৰু আত্মমর্যাদাবোধৰ প্রমাণ চাই মর্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে। ‘হাঁচতিধৰা তামুলী’ৰ পদত নিযুক্ত হোৱাৰ পৰা আহোম ৰাজ্যৰ ‘প্ৰধান সেনাপতি আৰু বৰফুকন’ পদত নিযুক্ত হোৱালৈকে এই দীঘলীয়া সময়চোৱাই লাচিত বৰফুকনৰ একাগ্ৰতা, কৰ্মস্পৃহা, কৰ্তব্যনিষ্ঠা, সাহসিকতাক প্ৰতিফলিত কৰে।

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

আলাবৈ ৰণত লাচিত বৰফুকনৰ ভুমিকা

কিন্তু ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আগমন ঘটে। গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ লগত ৰণত পাৰিবলৈ সেই সময়ত আহোম সেনাৰ সম্পূৰ্ণ ৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখীন হ’বলৈ প্ৰস্তুত হৈছিল। ১৯৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগল সকলৰ মাজত আলাবৈ ৰণ। উল্লেখ্য যে এই যুদ্ধত একেদিনাই আহোমৰ দহ হাজাৰ সৈন্যই প্ৰাণ আহুতি দিছিল। এই জটিল সময়ত লাচিত বৰফুকন ক্ষণিকৰ বাবে বিচলিত হ’লেও ভাগৰি পৰা নাছিল।

মোগলৰ সৈতে যুদ্ধ

গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল হ’ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। আৰু এই বাবে এজন যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতি দায়িত্ব অৰ্পণ কৰিছিল।

লাচিত বৰফুকনে সেনাপতি দায়িত্ব লৈয়েই দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায় মোগল সকলক আক্ৰমণ কৰে। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱাই আৰু আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত বহু সংখ্যক মোগল সৈন্যই প্ৰাণ আহুতি দিয়ে অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আগমন ঘটে। গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ লগত ৰণত পাৰিবলৈ সেই সময়ত আহোম সেনাৰ সম্পূৰ্ণ ৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখীন হ’বলৈ প্ৰস্তুত হৈছিল। ১৯৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগল সকলৰ মাজত আলাবৈ ৰণ। উল্লেখ্য যে এই যুদ্ধত একেদিনাই আহোমৰ দহ হাজাৰ সৈন্যই প্ৰাণ আহুতি দিছিল। এই সময়ত লাচিত বৰফুকন মুহূৰ্তৰ বাবে বিচলিত হ’লেও ভাগৰি পৰা নাছিল।

গুৰুত্বপূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ন কৰাৰ দায়িত্ব মোমাইয়েকক দিছিল। একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্ৰচলিত আছে। অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কৰ্তব্যত অৱহেলা কৰা বাবে লাচিত বৰফুকনে মৌমাই অৰ্থাৎ গড় নিৰ্মাণ কৰা অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে।

যুগান্তকাৰী শৰাইঘাট ৰণ

গুৰুত্বপূৰ্ণ কথা যে আলাবৈ ৰণত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ঔৰংজেৱৰৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থিৰ নাছিল, ৰোগাক্ৰান্ত হৈ আছিল লাচিত বৰফুকন। তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰেই মোগলৰ মুখা মুখি হ’বলৈ সাজু হৈছিল লাচিত বৰফুকন। ১৬৭১ খ্ৰী:ৰ ৰ্মাচ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ সন্মুখ সমৰত লিপ্ত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণভাৱে পৰাজয় বৰণ কৰে।

লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসম বাসীৰ শৌৰ্য-বীৰ্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। নৰীয়া শৰীৰে অথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰি লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হ’ল সেইয়া অতি প্ৰশংসনীয়। গুৰুত্বপূৰ্ণ কথা যে ৰণনীতিগত ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথম বাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

Also Read: জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala

মৃত্যু

নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।

(Video) Lachit Borphukan Essay | লাচিত বৰফুকনৰ ৰচনা

গুৰুত্বপূৰ্ণ কথা যে বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে। লাচিত বৰফুকন হ’ল অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ’ব।

একেটা ৰাতিতে গড় বান্ধি নৰিয়া গাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন সত্বাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে। গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল।

Also Read: জীৱনী: নোমল চন্দ্ৰ বৰা- অসমৰ চিকিৎসা জগতৰ তাৰকা | Nomal Chandra Borah Biography

অসমীয়াৰ স্বাভিমানৰ প্ৰতীক লাচিত/ লাচিত দিৱস উদযাপনৰ কাৰণ

একেটা ৰাতিতে গড় বান্ধি নৰিয়া গাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন সত্বাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে। গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে।

সামৰণি

অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা হ’ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৰে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি আছে লাচিত বৰফুকনৰ বীৰত্ব হ’ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বাৰ্থ, দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত সূচনা কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ’ব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ প্ৰতীক।

FAQ

১) লাচিত বৰফুকন কোন?

উঃ- অসম বুৰঞ্জীৰ পাত লুটিয়াই চালেই দেখা পোৱা অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্বা হ’ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বাৰ্থ আৰু দুৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি।

২) লাচিত বৰফুকনৰ জন্ম তাৰিখ কি?

উঃ- ২৪ নবেম্বৰ, ১৬২২ চন।

৩) লাচিত বৰফুকনৰ পিতৃৰ নাম কি?

উঃ- মোমাই তামুলী বৰবৰুৱা ।

৪) কোন ৰজাৰ শাসন কালত মোগলে অসম আক্ৰমণ কৰে?

(Video) Lachit Borphukan Essay for 400th Birth Anniversary Programme//লাচিত বৰফুকনৰ ৰচনা @priyameegogoi4586

উঃ- স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত।

৫) লাচিত বৰফুকনৰ মৈদাম কʼত আছে?

উঃ- যোৰহাটৰ হোলোঙাপাৰত।

We hope theBiography of Lachit BorphukanIn Assamese helps you. If you have any queries regardingthe Lachit Borphukan Essay In Assamese, drop a comment below and we will get back to you at the earliest.

জীৱনী: লাচিত বৰফুকন - অসমৰ বীৰ | Biography of Lachit Borphukan - Dev Library (2)

Dev Kirtonia

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

Videos

1. Lachit borphukan assamese essay | লাচিত বৰফুকন অসমীয়া | blachit borphukan essay in assamese
(𝐌𝐒𝐑 𝐖𝐫𝐢𝐭𝐢𝐧𝐠)
2. Short notes: Lachit diwas | Lachit day | लाचित दिवस
(E-Library)
3. গহপুৰ থানাত কনকলতা কেনেকৈ শ্বহীদ হৈছিল?KANAKLATA BARUA BIOGRAPHY||ASSAMESE FREEDOM FIGHTER KANAKLATA
(Great Man of Assam)
4. Grade 3 Jobs New //অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নতুন পদ মুকলি সকলোৱে আবেদন কৰিব পাৰিব 2022
(Tapas Talk)
5. LAKSHMINATH BEZBARUA FULL BIOGRAPHY || লক্ষ্মীনাথ বেজবৰুৱা ৰচনা || ৰসৰাজ || সাহিত্যৰথী || 2022 ||
(Great Man of Assam)
6. ভাৰতীয় বৈজ্ঞানিকৰ অৱদানৰ ওপৰত ভাষণ প্ৰতিযোগিতা/বিজ্ঞান সপ্তাহ উদযাপন/শংকৰদেৱ শিশু নিকেতন ৰঙিয়া
(Sanjib A2Z Education)
Top Articles
Latest Posts
Article information

Author: Jeremiah Abshire

Last Updated: 15/06/2023

Views: 5373

Rating: 4.3 / 5 (74 voted)

Reviews: 89% of readers found this page helpful

Author information

Name: Jeremiah Abshire

Birthday: 1993-09-14

Address: Apt. 425 92748 Jannie Centers, Port Nikitaville, VT 82110

Phone: +8096210939894

Job: Lead Healthcare Manager

Hobby: Watching movies, Watching movies, Knapping, LARPing, Coffee roasting, Lacemaking, Gaming

Introduction: My name is Jeremiah Abshire, I am a outstanding, kind, clever, hilarious, curious, hilarious, outstanding person who loves writing and wants to share my knowledge and understanding with you.